নমস্কাৰ। মই আশীষ গগৈ। শিৱসাগৰ জিলাৰ নাজিৰাত মোৰ ঘৰ। মই সৰুসুৰা ব্যৱসায়ৰ দ্বাৰা বৰ্তমান নিজৰ জীৱিকা নিৰ্বাহ কৰি আছো। ৰন্ধাত চখ আছে। ৰান্ধি ভাল পাওঁ আৰু মানুহক খোৱাই ভাল পাওঁ। কিন্তু সেইবুলি খাই বৈ প্ৰশংসা নকৰিলে টিকিচকৈ খংটো উঠিয়েই আহে😂😂 সকলো পৰম্পৰাগত অসমীয়া ব্যঞ্জণেই মোৰ খুব প্ৰিয়। তথাপি আগস্থান দিওঁ সদায় বৰাহক। বৰাহৰ বিভিন্ন ব্যঞ্জণ ৰান্ধিবলৈ আৰু শিকিবলৈ মই সদায়েই আগ্ৰহী। লাইশাকৰ লগত বৰাহ বা গাহৰী মাংস মোৰ বৰ প্ৰিয় | কিছুদিনৰ আগৰ কথা। পিয়াঁজৰ মূল্যই তেতিয়া ১৫০/ টকা পৰ্যন্ত চুইছেগৈ। সেই পিয়াঁজৰ আকাশলংঘী মূল্যবৃদ্ধিৰ দিনতে ফেচবুকৰ বিভিন্ন খাদ্যগোট সমূহত বিভিন্ন সদস্যই বিভিন্ন প্ৰকাৰৰ ৰেচিপি আগবঢ়াই আছে। কোনোবাই যদি মাছ ৰান্ধিছে তেন্তে আন কোনোবাই ৰান্ধিছে মাংস। সকলোৱে তামাম পিয়াঁজৰ ব্যৱহাৰ কৰিছে নিজ নিজ ৰেচিপি সমূহত। আমাৰনো কি আউ ন'? তেওঁলোক ধনী মানুহ বাবে পিয়াঁজ খাইছে। আমিবোৰেটো তেতিয়া পিয়াঁজ বুলি কল্পনা কৰি লৈ মূলাকে চোবাই দিওঁ মাজে মাজে। বেছি প্ৰয়োজন হ'লে বাৰীতে ৰুই লোৱা পিয়াঁজৰ নলকে শুঙি থৈ আহোগৈ। তথাপি বজাৰত পিয়াঁজ দেখিলে সেইফালে চকুৰে নাচাৱেই পায়! ইমান দাম ঐ। গা