ফেচবুকত বিভিন্ন খাদ্য গোট বোৰ বাঢ়িছে আৰু লগতে বাঢ়িছে ধুনিয়া ধুনিয়া খাদ্যৰ ফটো আৰু ৰেচিপি সমূহ|অসমত টেলেণ্টৰ অভাৱ নাই বুলি কথা এষাৰ প্ৰায়ে শুনা যায়| সকলো ক্ষেত্ৰতে অসমীয়া সকল আগবাঢ়িছে যদিও ফুড ব্লগিং ক্ষেত্ৰত সংখ্য একেবাৰে নগন্য| ইয়াৰ বিপৰীতে খাদ্য আৰু ৰেচিপি সম্বন্ধীয় ইউটিউবাৰৰ সংখ্যা বহুত বাঢ়িছে| ইউটিউবত ভিডিয়ৰ দ্বাৰা ৰেচিপি এটা প্ৰদৰ্শন কৰা হয় কিন্তু যি সকলৰ ফুড ফটোগ্ৰাফীৰ ওপৰত ৰুচি আছে, তেওঁলোকৰ বাবে ব্লগিং এটা উত্তম মাধ্যম| ইয়াৰ উপৰিও বহুতে ৰেচিপি এটাৰ ভিডিঅ চোৱাতকৈ ৰেচিপি পঢ়ি ভাল পায়| তেনে ক্ষেত্ৰত অসমীয়াত ৰেচিপি বিচাৰি গুগলত চাৰ্চ কৰিলে দেখা যায় যে অসমীয়া ফুড ব্লগৰ সংখ্যা তেনেই নগন্য| এই ক্ষেত্ৰত ফুড ব্লগ এটা কিদৰে খুলিব লাগে বহুতে নাজানিবও পাৰে| সেয়েহে মই কেইটিমান ব্লগ পষ্টৰ জৰিয়তে ফুড ব্লগ এটা কিদৰে খুলিব পাৰি তাৰ বিষয়ে আলোচনা কৰিম|ফুড ব্লগ এটা খোলাৰ আগতে আমি প্ৰথমে জানি লব লাগিব ফুড ব্লগ মানে কি ? সেয়েহে মোৰ প্ৰথম পষ্ট টোত আজি ফুড ব্লগ আৰু ব্লগিং নো কি হয়, সেই বিষয়ে আলোচনা কৰিম| ব্লগ মানে কি ? ব্লগ (blog) হৈছে ইংৰাজী weblog ৰ সংক্ষিপ্ত শব্দ| ব্লগ হৈছে এক ধ